অসম কৃষিজাত উত্পাদন বজাৰ (AAPM)আইন ১৯৭২ হল অসম ৰাজ্যত কৃষিজাত উত্পাদনসমূহৰ। ক্ৰয়-বিক্ৰয় উন্নত নিয়ন্ত্ৰণৰ ব্যৱস্থা তথা কৃষিজাত উত্পাদনসমূহৰ বাবে বজাৰ স্থাপনৰ বাবে থকা এখন আইন। (১৯৭৪ চনৰ ছেপ্টেম্বৰ মাহৰ তৃতীয় দিৱসত ভাৰত গণৰাজ্যৰ ৰাষ্ট্ৰপতি দ্বাৰা ই সন্মতিপ্ৰাপ্ত হৈছে)
অসম কৃষিজাত উত্পাদন বজাৰ আইন, ১৯৭২ৰ অধীনত ন্যস্ত কৰা কৰ্ত্তব্য তথা অৰ্পিত দায়িত্বসমূহ পালনৰ বাবে অসম চৰকাৰে তলত দিয়া চৰকাৰী তথা অনা-চৰকাৰী সদস্যসকলক লৈ ৰাজ্যিক কৃষি বিপণন পৰিষদ (পাছলৈ অসম ৰাজ্যিক কৃষি বিপণন পৰিষদ হিচাপে নামাংকৃত) নামেৰে আৱদ্ধ এখন পৰিষদ স্থাপন আৰু গঠন কৰিছে।