মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ অসম ৰাজ্যিক কৃষি বিপণন পৰিষদ

ভাৰত চৰকাৰৰ বজাৰ গৱেষণা আৰু তথ্য নেটৱৰ্ক আঁচনি

  • ভাৰত চৰকাৰ, কৃষি মন্ত্ৰালয়, কৃষি আৰু সহযোগিতা বিভাগ

    কৃষি মন্ত্ৰালয়ৰ বিপণন আৰু পৰিদৰ্শন সঞ্চালকালয়ৰ জৰিয়তে ৰূপায়িত, ভাৰত চৰকাৰৰ বজাৰ সমীক্ষা আৰু তথ্য নেটৱৰ্ক আঁচনিৰ অধীনত অসম ৰাজ্যিক কৃষি বিপণন পৰিষদে, পৰিষজৰ কাৰ্যালয়ৰ বাবে এটা ছাৰ্ভাৰ ব্যৱস্থা, UPS, মডেম আদিৰ সৈতে ২৪টা কম্পিউটাৰ আৰু এগ্ৰিমাৰ্কেট পৰ্টেল www.agrimarket.gov.in লৈ তিনিটা স্তৰত বজাৰৰ তথ্য সৰবৰাহৰ বাবে ‘AGMARK’ নামৰ এটা এপ্লিকেশ্যন ছফ্টৱেৰ লাভ কৰিছে। ২৪টা কম্পিউটাৰৰ ভিতৰত এটা পৰিষদৰ কাৰ্যালয়ত আৰু অন্য ২৩টা RMC সমূহত পৰ্যবেক্ষণৰ উদ্দেশ্য স্থাপন কৰা হৈছে।

    সাহাৰ্য্য প্ৰাপ্তি


    প্ৰথম স্তৰ(২০০০-২০০১)

    (১) অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ মুখ্য কাৰ্য্যালয়, (২) গুৱাহাটীৰ মহকুমা বজাৰ সমিতিৰ (৩) দৰং জিলা নিয়ন্ত্ৰিত বজাৰ সমিতি আৰু (৪) ধুবুৰী জিলা নিয়ন্ত্ৰিত বজাৰ সমিতিত  চাৰিটা কম্পিউটাৰ চেট(কম্পিউটাৰ চেটৰ লগত এটা ইউপিএচ, এটা ডট মেট্ৰিক্স মেচিন প্ৰিণ্টাৰ, এটা মডেম আৰু চফটওৱেৰ-Winndows 98se O/S,  লোটাছ স্মাৰ্ট চ্যুট আৰু AGMARK) ২০০০ বৰ্ষৰ জানুৱাৰী মাহৰ পৰা ২০০১ বৰ্ষৰ এপ্ৰিল মাহৰ ভিতৰত লাভ কৰে। কম্পিউটাৰ চেটসমূহ ২০০৩ বৰ্ষৰ ফেব্ৰুৱাৰীৰ পৰা কাৰ্য্যক্ষম হয়।

    দ্বিতীয় স্তৰ(২০০১-২০০২)

    (১) বাহাৰিহাট নিয়ন্ত্ৰিত বজাৰ সমিতি, (২) হাওলী নিয়ন্ত্ৰিত বজাৰ সমিতি, (৩) কাছাৰ জিলা নিয়ন্ত্ৰিত বজাৰ সমিতি, (৪) ধেমাজী জিলা নিয়ন্ত্ৰিত বজাৰ সমিতি, (৫) ধিং নিয়ন্ত্ৰিত বজাৰ সমিতি, (৬) গোলাঘাট নিয়ন্ত্ৰিত বজাৰ সমিতি, (৭) যোৰহাট জিলা নিয়ন্ত্ৰিত বজাৰ সমিতি, (৮) লংকা নিয়ন্ত্ৰিত বজাৰ সমিতি, (৯) তিনিচুকীয়া জিলা নিয়ন্ত্ৰিত বজাৰ সমিতি আৰু (১০) শ্ৰীৰামপুৰ চেক গেটত দহটা কম্পিউটাৰ চেট(কম্পিউটাৰ চেটৰ লগত এটা ইউপিএচ, এটা ডট মেট্ৰিক্স মেচিন প্ৰিণ্টাৰ, এটা মডেম আৰু চফটওৱেৰ-Winndows 98se O/S,  লোটাছ স্মাৰ্ট চ্যুট আৰু AGMARK) ২০০২ বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰা ২০০২ বৰ্ষৰ এপ্ৰিল মাহৰ ভিতৰত লাভ কৰে।

    চতু্ৰ্থ স্তৰ(২০০৫-২০০৬)

    (১) বঙাইগাওঁ জিলা নিয়ন্ত্ৰিত বজাৰ সমিতি, (২) ডিব্ৰুগড় জিলা নিয়ন্ত্ৰিত বজাৰ সমিতি, (৩) গোৱালপাৰা জিলা নিয়ন্ত্ৰিত বজাৰ সমিতি, (৪) হাইলাকান্দি জিলা নিয়ন্ত্ৰিত বজাৰ সমিতি, (৫) কৰিমগঞ্জ জিলা নিয়ন্ত্ৰিত বজাৰ সমিতি, (৬) উত্তৰ লক্ষীমপুৰ নিয়ন্ত্ৰিত বজাৰ সমিতি, (৭) নলবাৰী জিলা নিয়ন্ত্ৰিত বজাৰ সমিতি, (৮) ৰঙিয়া জিলা নিয়ন্ত্ৰিত বজাৰ সমিতি, (৯) শিৱসাগৰ জিলা নিয়ন্ত্ৰিত বজাৰ সমিতি আৰু (১০) শোণিতপুৰ জিলা নিয়ন্ত্ৰিত বজাৰ সমিতিত দহটা কম্পিউটাৰ চেট(কম্পিউটাৰ চেটৰ লগত এটা ইউপিএচ, এটা ডট মেট্ৰিক্স মেচিন প্ৰিণ্টাৰ, এটা মডেম আৰু চফটওৱেৰ-Winndows XP Prof. প্ৰিলোডেড O/S, MS Office Std. Edition 2003 আৰু AGMARK) ২০০৫ বৰ্ষৰ জুন মাহৰ ভিতৰত লাভ কৰে।

    বিত্তীয় সাহাৰ্য্য(Financial Assistance)


    বিত্তীয় বৰ্ষ

    লাভ কৰা ধনৰাশি

    ব্যয়

    মন্তব্য

    ২০০৪-২০০৫

    ৫,০০,০০০.০০

    পণ্য দ্ৰৱ্যৰ সংক্ষিপ্ত বৃত্তান্ত প্ৰস্তুত কৰা(৫০,০০০.০০)

    asamb.in

     

    ব্যৱহৃত দাখিলকৰণ vide No. ASAMB/Pub/16/Pt/2005-06/61,
    তাৰিখ- ০১/০২/২০০৬

    এগমাৰ্ক নোডৰ কাৰণে প্ৰদৰ্শনী ফলক(মূল্য ২,১০,০০০.০০)

    অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ মূখ্য কাৰ্যালয় আৰু ১৩ টা নিয়ন্ত্ৰিত বজাৰ সমিতি

     

     

    প্ৰেৰণা কাৰ্য্যক্ৰম, জন সভা(১,৪৫,০০০.০০)

    ২ টা অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ মূখ্য কাৰ্যালয়ত আৰু ১৩ টা নিয়ন্ত্ৰিত বজাৰ সমিতিত ৩৯ টা গ্ৰাম্য স্তৰৰ কাৰ্য্যসূচী(৩*১৩)

     

     

    প্ৰচাৰ সামগ্ৰীৰ মুদ্ৰণ(মূল্য ৪,০০,০০০.০০)

    প্ৰেৰণা কাৰ্য্যক্ৰমৰ বাবে এম.আৰ.আই.এন. আঁচনি সম্পৰ্কীয় ২ খন সৰু কিতাপ

     

     

    বাতৰি কাকতৰ জৰিয়তে বজাৰ দৰৰ তথ্য প্ৰকাশ(মূল্য ৫,০০,০০০.০০)

    ১৫-০৮-২০০৬ ৰপৰা ১৪-০৮-২০০৭ লৈ এবছৰৰ বাবে দুখন বাতৰি কাকত- দৈনিক অগ্ৰদূত আৰু জনসংযোগত প্ৰকাশ পাইছিল

    ২০১২-২০১৩

    মূল্য ১০,০০,০০০.০০
    ব্যৱহৃত দাখিলকৰণ vide No. ASAMB/Pub/16/Pt/III/2006-07/152, তাৰিখ ২৩/০৫/২০১৪

    খেতিয়কসকললৈ প্ৰশিক্ষণ-
    ১)বজাৰ গৱেষণা আৰু তথ্য নেটৱৰ্ক আঁচনি, ২) কৃষি উত্পাদনৰ গ্ৰেডিং আৰু মানদণ্ড(গ্ৰেডিং, প্যাকেজিঙ, সংগ্ৰহণ, পৰিবহন আদি)

    ২৪ খন নিয়ন্ত্ৰিত বজাৰ সমিতিত ৫০ জন অংশগ্ৰহণকাৰীৰে সৈতে ৫০ টা কাৰ্য্যসূচী