অসম ৰাজ্যত কৃষিজাত উত্পাদনসমূহৰ বাবে বজাৰ স্থাপনৰ লগতে কৃষিজাত উথ্পাদনসমূহৰ ক্ৰয়-বিক্ৰয় উন্নতভাৱে নিয়ন্ত্ৰণৰ বাবে ১৯৭২ চনত অসম বিধানসভাই অসম কৃষিজাত উত্পাদন বজাৰ আইন,১৯৭২ নামৰ এখন বিধেয়ক গ্ৰহণ কৰিছে আৰু ১৯৭৪ চনৰ ৩ ছেপ্টেম্বৰ তাৰিখে ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা সন্মতিও লাভ কৰিছে। পৰৱৰ্ত্তী কালত এই আইনখনক সমৰ্থন দিবলৈ অসম কৃষিজাত উত্পাদন বজাৰ (সাধাৰণ) নিয়মসমূহ,১৯৭৫ খন সৃষ্টি কৰা হৈছে আৰু ১৯৭৭ চনৰ ১৫ জুনৰ পৰা এই আইনখন ৰাজ্যত জাৰি কৰা হৈছে।