মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ অসম ৰাজ্যিক কৃষি বিপণন পৰিষদ

অনুজ্ঞাপত্ৰ প্ৰদান

বজাৰ কৰ্মচাৰীসকলক অনুজ্ঞাপত্ৰ প্ৰদান
অসম কৃষি বিপণন বজাৰ আইন,১৯৭২ৰ ধাৰা ১৩(২)ৰ অধীনত ব্যৱসায়ী, কমিছন এজেণ্ট, মধ্যভোগী, কয়েলদাৰ, জোখ মাখ কৰ্তা, জৰীপ কৰোতা, ভৰালী, পৰিবহনকাৰী প্ৰচেচৰ আদি বজাৰ কৰ্চাৰীসকলক এক নিৰ্দিষ্ট বজাৰ এলেকাৰ ভিতৰত ব্যৱসায় কৰাৰ বাবে, সংশ্লিষ্ট নিয়ন্ত্ৰিত বজাৰ কমিটীৰ দ্বাৰা, নিৰ্দিষ্ট কৰি থোৱা আদায়ৰ বিনিময়ত অনুজ্ঞাপত্ৰ প্ৰদান কৰা হয়।

অসম কৃষি বিপণন বজাৰ আইন,১৯৭২ৰ ধাৰা ১৩(২) (২০০৬লৈ সংশোধিত হিচাপে)
“যিকোনো অঞ্চলতেই যত এখন বজাৰ কমিটী স্থাপিত হৈছে, ধাৰা 5A, 5B, 5C, 5D, 5E আৰু 5Fত থকা ব্যৱস্থাৰ অধীনত কোনো ব্যক্তিয়েই, বজাৰ এলেকাৰ ভিতৰত ব্যৱসায়ী, কমিছন এজেণ্ট, মধ্যভোগী, কয়েলদাৰ, জোখ মাখ কৰ্তা, জৰীপ কৰোতা, ভৰালী, পৰিবহনকাৰী প্ৰচেচৰ বা অন্য কোনো সামৰ্থ্যৰ বজাৰ কৰ্মচাৰী হিচাপে কাম কৰিব নোৱাৰিব আৰু বিশেষ কৃষিজাত উত্পাদিত সামগ্ৰী ক্ৰয়-বিক্ৰয়ৰ বাবে কোনো ঠাই ব্যৱহাৰ কৰিব নোৱাৰিব, যদিহে এনে কোনো ব্যক্তিক বজাৰ কমিটীৰ দ্বাৰা এনে কোনো মাচুল আদায়ৰ বাবদ বা নিৰ্দিষ্ট কৰি থোৱা এনে কোনো চৰ্তৰ বিনিময়ত অনুজ্ঞাপত্ৰ জাৰি কৰা হোৱা নাই”।