মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ অসম ৰাজ্যিক কৃষি বিপণন পৰিষদ

ৰাজ্যৰ কৃষি পন্য সামগ্ৰীৰ ব্যৱসায়ৰ বাবে অনুজ্ঞাপত্ৰ

আইনখনৰ ১৩(২) নং ধাৰাৰ অধীনত বজাৰ কৰ্মচাৰীসকলক অনুজ্ঞাপত্ৰ প্ৰদান

অসম কৃষিজাত উত্পাদন বজাৰ আইন,১৯৭২ ৰ ১৩(২) অনুসৰি এটা এলেকাত যেতিয়া এখন বজাৰ কমিটী স্থাপন কৰা হয়, অনুজ্ঞাপত্ৰ অবিহনে কোনো ব্যক্তিয়েই তাত কৃষিজাত উত্পাদনৰ ব্যৱসায় চলাব নোৱাৰিব। এনে ধৰণৰ –

  • এজন ব্যৱসায়ী বা কমিছন এজেণ্ট, যিয়ে ১৩(২) ধাৰাৰ অধীনত অনুজ্ঞাপত্ৰ লাভ কৰিবলৈ ইচ্ছা কৰে, যি অঞ্চলত তেওঁ ব্যৱসায় চলাই নিব বিচাৰে, সই অঞ্চলৰ বজাৰ কমিটীৰ জৰিয়তে পৰিষদৰ অধ্যক্ষলৈ প্ৰ-পত্ৰ A (প্ৰতিলিপি দাখিল কৰিব লাগিব)ত আবেদন জনাব লাগিব আৰু প্ৰয়োজনীয় অনুজ্ঞাপত্ৰৰ মাচুল কমিটীক জমা দিব লাগিব।
  • এজন মধ্যভোগী বা কয়েলদাৰ বা জোখ-মাখ কৰোতা বা জৰীপ কৰোতা বা ভৰালী, যিয়ে আইনখনৰ ১৩(২) ধাৰাৰ অধীনত অনুজ্ঞাপত্ৰ লাভ কৰিবলৈ ইচ্ছুক, যি বজাৰ অঞ্চলত তেওঁ ব্যৱসায় চলাই নিব বিচাৰে, সেই অঞ্চলৰ বজাৰ কমিটীৰ জৰিয়তে পৰিষদৰ অধ্যক্ষলৈ প্ৰ-পত্ৰ D (প্ৰতিলিপি দাখিল কৰিব লাগিব)ত আবেদন জনাব লাগিব আৰু অনুজ্ঞাপত্ৰৰ বাব আৱশ্যকীয় মাচুল জমা দিব লাগিব।
  • এই নিয়মৰ অধীনত অনুজ্ঞাপত্ৰ জাৰিৰ বাবে মাচুল এক বছৰৰ বা তাৰ আংশিকৰ বাবে ১০ টকা হব লাগিব।

নিয়ম ১৩ৰ অধীনত বজাৰ কৰ্মচাৰীসকলৰ বাবে অনুজ্ঞাপত্ৰৰ পুনঃনবীকৰণ

এই আইনখনৰ ১৩ নং ধাৰা আৰু ১২ নং নিয়মৰ অধীনত মঞ্জুৰীকৃত অনুজ্ঞাপত্ৰ এখন বৈধতা, তাক যিমান সময়ৰ বাবে জাৰি কৰা হৈছিল, সিমান সময়ৰ বাবে থাকিব আৰু ১৩ নং ধাৰা আৰু ১২নং নিয়মৰ অধীনত জাৰি হোৱা যিকোনো আদেশৰ অধীনত থাকিব, লগতে এনে ধৰণৰ অনুজ্ঞাপত্ৰ জাৰিৰ বাবে নিৰ্দিষ্ট কৰি থোৱা বাৰ্ষিক মাচুল আদায়ৰ বাবদ, কৰ্তৃপক্ষই ইয়াৰ পুনৰীক্ষণ মঞ্জুৰ কৰিব। অনুজ্ঞাপত্ৰ উকলিবলগীয়া তাৰিখটোৰ অতি কমেও ৩০ দিন আগত অনুজ্ঞাপত্ৰ নবীকৰণৰ বাবে আবেদন পত্ৰ জমা দিব লাগিব। নবীকৰণ আবেদনপত্ৰ ব্যৱসায়ী বা এজন কমিছন এজেণ্টৰ বাবে প্ৰপত্ৰ-F আৰু এজন মধ্যভোগী বা এজন কয়েলদাৰ বা জোখমাখ কৰোতা বা জৰীপ কৰোতা বা ভৰালীৰ বাবে প্ৰ-পত্ৰ Gত জমা দিব লাগিব।
বিত্তীয় বৰ্ষসমূহৰ বিপৰীতে কমিটী অনুসৰি জাৰি হোৱা অনুজ্ঞাপত্ৰ

  • ২০১৫-১৬ বৰ্ষৰ বাবে কমিটী অনুসৰি অনুজ্ঞাপত্ৰ
  • ২০১৬-১৭ বৰ্ষৰ বাবে কমিটী অনুসৰি অনুজ্ঞাপত্ৰ
Downloads
TitleSizeDetail
PDF icon form a.pdf22.93 KBswf-image
PDF icon form d.pdf22.86 KBswf-image
PDF icon form f.pdf30.92 KBswf-image
PDF icon form g.pdf32.22 KBswf-image
PDF icon 13.1.pdf202.18 KBswf-image
PDF icon 13.2.pdf196.97 KBswf-image