মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ অসম ৰাজ্যিক কৃষি বিপণন পৰিষদ

কাৰ্যাৱলী আৰু উদ্দেশ্যসমূহ

অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ কাৰ্যাৱলীসমূহ

  • বজাৰ আৰু বজাৰ এলেকাসমূহৰ উন্নয়নৰ বাবে বজাৰ কমিটীসমূহৰ কাম-কাজত সমন্বয় সাধন।
  • কৃষিজাত উত্পাদন তথা বজাৰসমূহৰ উন্নয়নৰ বাবে ৰাজ্যিক স্তৰৰ পৰিকল্পনা।
  • পৰিষদৰ বিত্তৰ তদাৰকী
  • উন্নতি সুনিশ্চিত কৰাৰ উদ্দেশ্যে বজাৰ কমিটীসমূহক নিৰ্দেশনা প্ৰদান
  • প্ৰধান বজাৰ প্ৰাঙ্গন বা উপ-বজাৰ প্ৰাঙ্গনসমূহ স্থাপনৰ বাবে ঠাই নিৰ্বাচনৰ প্ৰস্তাৱত অনুপমোদন জনোৱা।
  • বজাৰ এলেকাসমূহত আন্তঃগাঁঠনিমূলক সুবিধাসমূহ নিৰ্মাণৰ প্ৰস্তাৱসমূহত অনুমোদন জনোৱা।
  • পৰিচালনা আৰু হিচাপসমূহ প্ৰস্তুতিত সহায়-সহযোগিতাৰে বজাৰ কমিটীসমূহৰ তত্বাৱধান কৰা।
  • পৰিষদৰ পুঁজিৰ অধীনত দায়বদ্ধ কাৰ্যসমূহ সম্পাদন
  • হিচাপৰ তত্বাৱধান আৰু মত, নীতি, পৰিকল্পনাসমূহ প্ৰচাৰৰ অন্তৰ্ভুক্ত কৰি পৃথক বিপণন সম্প্ৰসাৰণ কোষ স্থাপন।
  • এই আইনখনৰ ব্যৱস্থাসমূহ কাৰ্যকৰী কৰিবলৈ প্ৰয়োজনীয় বৈধ কাম-কাজসমূহ আৰু বাৰ্ষিক বাজেট প্ৰস্তুত কৰা।
  • এই আইনখনৰ অধীনত ৰাজ্য চৰকাৰে বিশেষভাৱে পৰিষদক অৰ্পণ কৰা অন্য কাম-কাজসমূহ।