মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ অসম ৰাজ্যিক কৃষি বিপণন পৰিষদ

ধানৰ চৰকাৰী ক্ৰয় প্ৰক্ৰিয়া

প্ৰত্যেক বছৰৰ নৱেম্বৰ-ডিচেম্বৰ মাহত খাৰিফ বিপণন বতৰ (KMS)ৰ অধীনত খাদ্য আৰু অসামৰিক যোগান আৰু গ্ৰাহক সুৰক্ষা বিভাগে নূন্যতম সমৰ্থিত মূল্যত ধান ক্ৰয়ৰ চৰকাৰী কাৰ্যসূচীৰ বাবে অধিসূচনা জাৰি কৰে। ক্ৰয়-সংস্থাৰ পৰামৰ্শৰ ওপৰত ভিত্তি কৰি ধান ক্ৰয়ৰ লক্ষ্যৰ লগতে ধান ক্ৰয় কেন্দ্ৰ (PPC)সমূহো নিৰ্দিষ্ট কৰি দিয়া হয়। প্ৰতিটো ধান ক্ৰয় কেন্দ্ৰ (PPC)ত নিয়ন্ত্ৰিত বজাৰ সমিতি (RMC)ৰ পৰা লোৱা (১) ভাৰপ্ৰাপ্ত বিষয়া, (২) সহকাৰী ভাৰপ্ৰাপ্ত বিষয়া আৰু (৩) ভঁৰালৰ তত্ত্বাৱধায়ক (Stack Holder) থাকে। বজাৰ সমিতিৰ এলেকাৰ পৰা মিলাৰ চিহ্নিত কৰি সময় মতে ধান বনা আৰু তাৰ পৰা পোৱা চাউল (CMR) ভাৰতীয় খাদ্য নিগম (FCI)ৰ নিৰ্দিষ্ট গুদামত জমা দিয়াৰ বাবে চুক্তি স্বাক্ষৰ কৰা হয়।

ধানৰ চৰকাৰী ক্ৰয় প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ আগে আগে এই সম্পৰ্কত খেতিয়কসকলৰ মাজত সজাগতা অনুষ্ঠান অনুষ্ঠিত কৰা হয় আৰু সম্ভাৱ্য খেতিয়কসকলক তেওঁলোকৰ বেংকৰ সবিশেষ তথা স্থানীয় ADOৰ পৰা সংগৃহীত প্ৰমাণপত্ৰসহ পঞ্জীয়ন কৰা হয়। PPC বিষয়াৰ দ্বাৰা পঞ্জীভুক্ত কৃষকসকলক তেওঁলোকৰ ধান PPCলৈ লৈ আহিবলৈ একোটা নিৰ্দিষ্ট তাৰিখ দিয়া হয়। নিৰ্ধাৰিত দিনটোত আৰ্দ্ৰতাৰ পৰিমাণ আৰু অন্যান্য গুণাগুণ নিয়ন্ত্ৰক পৰিমাণসমূহ পৰীক্ষা কৰি চোৱাৰ অন্তত PPCৰ দ্বাৰা ধান ক্ৰয় কৰা হয়। বিক্ৰী কৰা ধানৰ বাবদ একাউণ্ট পেয়ী চেকৰ জৰিয়তে নূন্যতম সমৰ্থিত মূল্যত কৃষকসকলক ধন আদায় দিয়া হয়। ধানসমূহ বস্তাত ভৰোৱা হয়। ধানভৰ্ত্তি বস্তাবোৰৰ প্ৰতিটোৰ ওজন ৪০ কিলোগ্ৰাম হব লাগে। ক্ৰয়ৰ পাছত এই ধান বনাবৰ বাবে মিললৈ পঠিয়াই দিয়া হয়। এই খিনিতে উল্লেখ কৰিব পাৰি যে ধানসমূহ PPCৰ পৰা মিললৈ আৰু মিলৰ পৰা FCI FSD লৈ অনা-নিয়াৰ ব্যয়, প্ৰতিবাৰত ৮ কিলোমিটাৰ দূৰত্বলৈকে, ধান বনা দৰৰ ভিতৰতে অন্তৰ্ভুক্ত হৈ থাকে। ধান বনা দৰ বৰ্তমান প্ৰতি কুইণ্টলত ১৫ টকা মাত্ৰ। বনা হোৱাৰ পাছত চাউলখিনি (CMR) FCI FSDত জমা দিয়া হয় আৰু এই CMRৰ বিপৰীতে বিলসমূহ FCIত দাখিল কৰা হয়।